Assamese Grammar Part 1 (অসমীয়া ব্যাকৰণ) MCQ

81. তলত দিয়া জতুৱা-ঠাচৰ কোনটো অৰ্থ অশুদ্ধ?


A. বাটকুৰি বা : ঘনে পতি অহা যোৱা কৰ।


B. নাকনি-কাননি কৰ : কষ্ট বা যাতনা দি অস্থিৰ কৰ।


C. কাঠ সংস্কাৰ কৰ : মৰা মানুহক দাহন কৰ।


D. গাই বাই চা : পাচ হোঁহকা


Answer :D


Solution :



82. মাটিৰ মানুহ বুলিলে বুজায় ?


A. মৰা মানুহ


B. দুষ্টপ্রকৃতিৰ মানুহ


C. আদবলীয়া মানুহ


D. নিচেই হোজা মানুহ


Answer :D


Solution :



83. ৰজা নোহোৱাকৈ ৰজাৰ ক্ষমতা চলোৱা লোকক কি বুলি কোৱা হয়


A. উঠি ৰজা


B. ল'ৰা ৰজা


C. নপতা ফুকন


D. তলতীয়া ৰজা


Answer :A


Solution :



84. তলৰ কোনটো বাক্য শুদ্ধ ?


A. তলা-নলা পোৱা মানে গুপ্ত কথা জনা


B. চকু মুদা কুলি বুলি কাম নকৰা মানুহক কোৱা হয়


C. অভিপ্ৰায় বুজি নাপালে মন পোৱা বুলি কোৱা হয়


D. কথাবোৰ চমুকৈ ক’লে বকোলা মেলা বুলি কোৱা হয়


Answer :A


Solution :



85. তলৰ কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা-ঠাচ কোনটো ?


A. কপাল ফুল


B. কপাল ধৰ


C. কপাল কৰ


D. কপাল আন


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.